এই ব্যৱহাৰিক পাঠ্যক্ৰমটো শিক্ষাৰ্থীসকলক ট্ৰেডাৰসকলে কাৰিকৰী বিশ্লেষণ (Technical Analysis), কেণ্ডেলষ্টিক চাৰ্ট (Candlestick Charts), চাৰ্ট আৰ্হি বা নক্সা (Chart Patterns), সূচক (Indicators), অচিলেটৰ (Oscillators), ট্ৰেডিং কৌশল (Trading Strategies), স্কেনাৰ (Scanners) আৰু বিত্তীয় ক্ষতি ব্যৱস্থাপনা (Risk Management) ব্যৱহাৰ কৰি শ্বেয়াৰ বজাৰৰ মূল্যৰ গতিবিধি কেনেদৰে অধ্যয়ন কৰে, সম্ভাৱ্য ট্ৰেডিং সুযোগসমূহ কেনেদৰে চিনাক্ত কৰে আৰু ট্ৰেডিঙৰ বাবে এক শৃংখলাবদ্ধ বা সুপৰিকল্পিত পদ্ধতি কেনেকৈ গঢ়ি তোলে সেয়া বুজাত সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছে ।
এই পাঠ্যক্ৰমৰ এক মূল বৈশিষ্ট্য হৈছে স্কেনাৰ-ভিত্তিক বিশ্লেষণৰ অন্তৰ্ভুক্তি, য’ত শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট আৰ্হি বা নক্সা, সূচক আৰু ট্ৰেডিং কৌশলৰ ওপৰত ভিত্তি কৰি শ্বেয়াৰ বা ষ্টক চিনাক্ত কৰিবলৈ কেনেদৰে স্কেনাৰ ব্যৱহাৰ কৰিব লাগে শিকিব পাৰিব । স্কেনাৰৰ ব্যৱহাৰে তাত্ত্বিক জ্ঞান আৰু বাস্তৱিক বজাৰ বিশ্লেষণৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে |
পাঠ্যক্ৰমটোত কাৰিকৰী বিশ্লেষণৰ (Technical Analysis) মূল কথাবোৰৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে উন্নত পৰ্যায়ৰ ধাৰণা যেনে কেণ্ডেলষ্টিক পেটাৰ্ন, চাৰ্ট পেটাৰ্ন, প্ৰধান সূচক আৰু অচিলেটৰ, ট্ৰেডিং কৌশল, ডাউ সূত্ৰ (Dow Theory) আৰু ইলিয়ট ৱেভ সূত্ৰ (Elliott Wave Theory) আদি অন্তৰ্ভুক্ত কৰা হৈছে ।
গুৰুত্বপূৰ্ণ সতৰ্কবাৰ্তা :
পাঠ্যক্ৰমটো কেৱল শৈক্ষিক উদ্দেশ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে আৰু ইয়াক কোনো ধৰণৰ বিত্তীয়, বিনিয়োগ বা ট্ৰেডিং সম্পৰ্কীয় পৰামৰ্শ হিচাপে গণ্য কৰা উচিত নহয়। ট্ৰেডিং আৰু বিনিয়োগত বিত্তীয় ক্ষতি (Financial Risk) জড়িত থাকে ।
এই পাঠ্যক্ৰমটোৰ বাবে কোনো আগতীয়া বিত্তীয় বা কাৰিকৰী জ্ঞানৰ বিশেষ প্ৰয়োজন নাই । শ্বেয়াৰ বজাৰৰ বিষয়ে প্ৰাথমিক ধাৰণা থকাটো সহায়ক হ'ব, কিন্তু বাধ্যতামূলক নহয় ।